বিপদজনক কিবা এটা কৰাৰ লাভ
ওলাই গৈ কিবা এটা বিপদজনক কাম কৰিলে ই কেৱল আপোনাৰ সুপ্ত প্ৰতিভাকে জাগৃত নকৰে, ই আপোনাক নতুন কৌশল শিকাতো সহায় কৰে, যিবোৰে জীৱনত আৰু উন্নতি কৰাত আপোনাক সহায় কৰিব পাৰে।
টিমৱৰ্ক
যদি আপুনি এটা টিম বা দলত কোনো বিপদজনক কাম কৰিবলৈ ওলাইছে, তেন্তে ই আপোনাক টিমৱৰ্ক বা দলবদ্ধভাৱে কাম কৰিবলৈ শিকায়, কাৰণ দলবদ্ধভাৱে কাম নকৰিলে আপনি বাচি থাকিবই নোৱাৰিব। ধৰি লওঁক আপুনি এটা সৰু দলৰ সৈতে জংগললৈ গৈছে ছুটি কটাবলৈ, তেনে ক্ষেত্ৰত আপুনি সকলোৰে সৈতে দলবদ্ধভাৱে কাম কৰিব লাগিব বিপদৰ পৰা হাত সাৰি থাকিবলৈ।
আপুনি যদি এখন নদী পাৰ হোৱাৰ চেষ্টা কৰিছে মাত্ৰ এডাল ৰচী লৈ, তেন্তে আপুনি দলৰ আন সদস্যৰ পৰা সহায় ল’ব লাগিব। একেদৰেই এইটো প্ৰযোজ্য আপোনাৰ ব্যবসায় আৰু চাকৰিস্থান বা প্ৰতিষ্ঠানত। আপুনি যদি বিভিন্ন বিভাগৰ পৰা সহায় সহোযোগ নাপায়, তেন্তে আপুনি বিচৰা কাম এটাত আপুনি সফল হ’ব কেনেকৈ?
সফলতা এক যাত্ৰাৰ নাম
জংগলত বাচি থাকিবলৈ আপুনি বিভিন্ন সমস্যাৰ আৰু বিপদৰ সন্মুখীন হ’ব লাগিব। উদ্যোগী বা আন্ট্ৰপ্ৰিনিয়ৰসকলৰ জীৱন আৰু এটা ব্যবসায় গঢ়ি তোলাৰ ক্ষেত্ৰত এই কথা একেবাৰে খাটে। দুয়োক্ষেত্ৰতে আপুনি সমস্যাবোৰৰ মুখামুখি হৈ এইবোৰৰ উপায় উলিয়াব লাগে যাতে আপুনি সফল হ’ব পাৰে।
নম্ৰতা, ভদ্ৰতা
বিপদজনক কাম এটাই আপোনাক শিকাব নম্ৰতা আৰু ভদ্ৰতা। বিপদৰ সন্মুখীন হ’বলৈ আপোনাক আন মানুহৰ অভিজ্ঞতা আৰু সহায়ৰ প্ৰয়োজন হয়। এই কথাটো বুজি পালে আপুনি নম্ৰতা আৰু ভদ্ৰতাও শিকিব পাৰিব। এই কথাটো আপোনাৰ ব্যক্তিগত জীৱন, কৰ্ম জীৱন আৰু ব্যবসায়ৰ ক্ষেত্ৰতো খাটিব।
আপোনাৰ দৃষ্টিভংগী সলনি কৰক- আৰু কথা শিকক
বিপদজনক কাম বা অভিযানত ওলালে আপোনাৰ দৃষ্টিভংগীৰ এক বিৰাট পৰিৱৰ্তন হয়। আপোনাৰ দৈনিক জীৱন-যাপনৰ দৃষ্টিভংগীৰ লগত তেনে দৃষ্টিভংগীৰ এক গভীৰ পাৰ্থক্য আছে। যেতিয়াই আপোনাৰ দৃষ্টিভংগী সলনি কৰাৰ প্ৰয়োজন আহি পৰে, তেতিয়াই কিবা এটা বিপদজনক কাম কৰক বা অভিযানলৈ যাওঁক।