Close

আপুনি বিচৰা ধৰণে জীৱনটো জীয়াই থকাৰ ৫টা উপায়

আমি প্ৰায়ে ভাল জীৱন এটাৰ সপোন দেখো কিন্তু তেনে জীৱন এটা লাভ কৰাটো ইমান সহজ নহয়। আমি তেনে এটা জীৱন লাভ কৰিবলৈ পৰিকল্পনা কৰোঁ কিন্তু তেনে পৰিকল্পনা মতে কাম কৰিব থাকিব নোৱাৰা বাবে তেনে এটা সপোনৰ জীৱন সপোন হৈয়ে থাকে। নতুন বছৰৰ আৰম্ভণিতে আমি কিছুমান কাম কৰিম বুলি থিৰাং কৰোঁ, কিন্তু প্ৰায়ে তেনে কাম হৈ নুঠে। কিছুদিন পিছত এই কথাবোৰ আমি পাহৰি যাওঁ আৰু আগৰ অভ্যাসবোৰৰ দ্বাৰাই পৰিচালিত হওঁ।

তলৰ পাঁচটা সহজ পদ্ধতিৰে আমি বিচৰা ধৰণৰ এটা জীৱন লাভ কৰিব পাৰোঁ-

১) আপোনাৰ ইচ্ছাবোৰ লিখি লওঁক- বিচৰা আৰু তুমি পাবা

আপুনি যদি বিচাৰে (খোজে), তেন্তে আপুনি তাক পাব। যেতিয়া আপুনি এটা কামত সম্পূৰ্ণ মনোযোগ আৰু শক্তি কেন্দ্ৰীভূত কৰে, তেন্তে আপুনি বিচৰা ফল পাবই। মাইকেল লজিয়েৰ (Michael Losier)ৰ “Law of Attraction” নামৰ কিতাপখনে এই কথাকে কয়। আমি যিটো কামত আমাৰ শক্তি, মনোযোগ কেন্দ্ৰীভূত কৰোঁ তাকে আমি আমাৰ জীৱনলৈ আকৰ্ষিত কৰোঁ। আপুনি যদি পজিটিভ কথাত মনোযোগ দিয়ে তেন্তে আপোনাৰ জীৱনত পজিটিভ ঘটনাবোৰ ঘটিব।নিগেটিভ কথাত গুৰুত্ব দিলে জীৱনলৈ আহিব নিগেটিভ ৰিজাল্ট। আপুনি যদি আপোনাৰ ইচ্ছাবোৰ লিখি লয়, আপুনি এইবোৰ সদায় দেখি থাকিব আাৰু সেইবোৰ লাভ কৰাৰ বাবে চেষ্টা কৰিব। ল অব এট্ৰাকচনৰ বাবে আপুনি আপোনাৰ ইচ্ছাবোৰ লাভ কৰিবলৈ সমৰ্থ হ’ব।

২) পজিটিভ হৈ থাকক- এই বিশ্বব্ৰহ্মাণ্ডৰ নিগেটিভ মানুহৰ প্ৰতি ভাল ভাব নাথাকে

পজিটিভ হৈ থাকিলে আপোনাৰ বহু লাভ হ’ব আৰু আপুনি বিচৰা জীৱনটো লাভ কৰিবলৈ সক্ষম হ’ব। পজিটিভ হৈ থাকিলে আপুনি বিচৰা জীৱনটোৰ দিশে কাম কৰিবলৈ আপুনি অনুপ্ৰাণিত হ’ব। আপোনাৰ জীৱনটোৰ লক্ষ্য আৰু ইচ্ছাবোৰ লাব কৰিবলৈ কাম কৰিব লাগিব আাপুনিয়ে। আপুনি যদি আনুপ্ৰাণিত হৈ থাকে, তেতিয়া আপোনাৰ লক্ষ্যৰ দিশে আপুনি বেছি ভালদৰে কাম কৰিব পাৰিব।

৩) মেডিটেচন কৰক- আপোনাৰ লক্ষ্যবোৰ মজবুত কৰক

মেডিটেচন কৰিলে কেবল আপোনাৰ মনটোৱে শান্ত হৈ নাথাকে লগতে আপোনাৰ সপোনৰ জীৱন এটা লাভ কৰাৰ আপোনাৰ লক্ষ্যতো আূনি মনোযোগ দিব পাৰিব। মাত্ৰ কেই মিনিটমান সময় মেডিটেচন কৰি আপুনি এই লক্ষ্যৰ বাবে কাম কৰিবলৈ নিজৰ শক্তি পুনৰ ঘূৰাই পাব। কেইমিনিটমানৰ মেডিটেচনৰ বাবেই আপুনি বহু অনুপ্ৰেৰণা আাৰু শক্তি পাব যি্যে আপোনাক আপোনাৰ সপোনবোৰ পূৰণ কৰাত সহায় কৰিব।

৪) ভয়বোৰ আঁতৰ কৰক- ব্ল’কেজবোৰৰ কথা উপলব্ধি কৰক আৰু সেইবোৰ আঁতৰ কৰক

আমাৰ সপোনৰ জীৱনটো লাভ কৰাত প্ৰধান বাধা আমি নিজে। ভয়ে আমাক সদায় আমাৰ লক্ষ্যৰ দিশে কাম কৰাত বাধা দিয়ে। সপোনাৰ জীৱনটো লাভ কৰিবলৈ আমি নিজকে সলনি কৰিব লাগে আৰু এনে সাল-সলনিক আমি ভয় কৰোঁ। আপুনি যদি অলপ মনোযোগ দি ইমানদিনে কিহে আপোনাক আপোনাৰ সপোনৰ জীৱনটো লাভ কৰাৰ বাধা দি আহিছে তাক লক্ষ্য কৰে, তেন্তে আপুনি দেখিব যে ভয়ে ইয়াৰ এটা ডাঙৰ কাৰণ। ই এটা বৰ ধ্বংসাত্মক আনুভূতি যিয়ে আপোনাক কাম কৰাত বাধা দিয়ে। মেডিটেচনৰ সময়ত আপোনাৰ ভয়ক এটা স্পষ্ট ৰূপত চাওঁক আৰু তাক বাহিৰ কৰি দিয়ক। বা ভয়ক আপোনাৰ শৰীৰৰ এক আৱৰণৰ ৰূপত চাবলৈ যত্ন কৰক আৰু তাক চালি-ছিৰি দলিয়াই পেলাওক। এয়া কৰাৰ পিছত আপুনি এক অদ্ভূত পৰিৱৰ্তন লক্ষ্য কৰিব।

৫) ব্যৱস্থা লওঁক- এটা সৰু কাম এক সময়ত

ব্যৱস্থা লোৱাটো বা কাম কৰাটো আটাইতকৈ দৰকাৰী পদ্ধতি। সেইবুলি ই এদিনাতেই সকলো সলনি কৰাটো নুবুজায়। এক সময়ত এটা কামৰ দ্বাৰা সৰু সৰু ষ্টেপ কিছুমান লৈ আপুনি কামবোৰ কৰিব পাৰে। এনে সৰু সৰু ষ্টেপবোৰ একেলগ হৈ কিছু সময়ৰ পিছত ডাঙৰ ৰূপ ল’ব আৰু আপুনি বিচৰা সাল-সলনিবোৰ হোৱাত সহায় কৰিব। কাম কৰা আৰু নিজকে পজিটিভ কৰি ৰখা– এই দুয়োটা কাম কৰিলে আপুনি বিচৰা জীৱনটোৰ পিনে আগৱাই যাব পাৰিব।

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top