৩০ টা কাম যিয়ে আপোনাক যিকোনো ঠাইতে সুখী কৰিব

আমি ইচ্ছা কৰিলে আমি যিকোনো ঠাইতে আৰু সময়তে সুখী হ’ব পাৰোঁ। আপোনাক তাৰ বাবে লাগে মাত্ৰ সুখী হোৱাৰ ইচ্ছা। ই ইমান সহজনে? হয়, ই তেনেই সহজ। তলত উল্লেখ কৰা কাম কেইটা আপুনি কৰি চাব পাৰে, এইবোৰে আপোনাক কেনেদৰে সুখী কৰিব পাৰে, তাক চাবলৈ।

তলৰ কামকেইটাই আপোনাক যিকোনো ঠাইতে আৰু যিকোনো সময়তে সুখী কৰি তুলিব পাৰে-

(1) পাঁচটা এনে বস্তুৰ নাম লিখক যাৰ কাৰণে আপুনি কৃতজ্ঞ

(২) এসপ্তাহৰ কাৰণে নিউজ পঢ়া বা চোৱা বাদ দিয়ক

(৩) এটা পাৱাৰ নেপ (কম সময়ৰ বাবে গভীৰ নিদ্ৰাত পৰা) লওঁক

(৪) আজিৰ পৰাই শাৰীৰিক পৰিশ্ৰম বা ব্যায়াম কৰা আৰম্ভ কৰক

(৫) আপোনাৰ ডায়েৰী লিখা আৰম্ভ কৰক

(৬) আপোনাক নলগা কিবা পাঁচটা বস্তু দলিয়াই পেলাওঁক

(৭) আপুনি সম্পন্ন কৰা পাঁচটা কামৰ কথা লিখক

(৮) দেশ, ৰাজ্য, সমাজ বা আন তেনে কাৰোবাৰ বাবে আপোনাৰ অৱদানৰ কথা লিখক

(৯) ফেচবুক খোলা বন্ধ কৰক

(১০) মেডিটেচন কৰক

(১১) আপুনি ভালপোৱা কিতাপখন পঢ়ক

(১২) আধাঘন্টাৰ বাবে অকলশৰে মনে মনে বহক

(১৩) বন্ধু এজনক ফোন কৰক

(১৪) অলপ খোজ কাঢ়ক

(১৫) কিবা এটা কামত অহা কাম কৰক

(১৬) পানী খাওঁক

(১৭) চিনেমা এখন চাওঁক

(১৮) কাৰোবাক কিবা খুৱাওক

(১৯) হাঁহক

(২০) আপুনি ভাল পোৱা কিবা এটা কৰক

(২১) আপনি ভাল পোৱা কাম এটা কৰিবলৈ অফিচৰ পৰা বাহিৰ ওলাওঁক

(২২) নিজৰ পৰিচয় নিদিয়াকৈ আন কাৰোবাৰ বাবে কিবা এটা কৰক

(২৩) কিবা এটা দান কৰক

(২৪) আন কাৰোবাৰ বাবে কিবা এটা কৰক

(২৫) আপোনাৰ বাকেট লিষ্টখন (মৰাৰ আগতে আপুনি কি কি কৰিব বিচাৰে তাৰ লিষ্ট)

(২৬) জিম বা শাৰীৰিক ব্যায়ামৰ ক্লাছ এটাত যোগ দিয়ক

(২৭) এজন অচিনাকি মানুহৰ লগত কথা পাতক

(২৮) অনুপ্ৰেৰণা দিয়া (মটিভেচনেল) ব্লগ পষ্ট, প্ৰবন্ধ এটা পঢ়ক বা ভিডিঅ’ এটা চাওঁক

(২৯) আপোনাৰ কম্পিউটাৰটো বন্ধ কৰক

(৩০) কিবা এটা কৰক

Post Author: বিকাশ কলিতা

বিকাশ এজন মটিভেচনেল স্পীকাৰ, উদ্যোগী (আন্ট্ৰপ্ৰিনৰ), কোচ, কার্যকুশলতা বিশেষজ্ঞ আৰু লিখক, যিয়ে পার্ছনেল ডেভেলপমেন্ট, উদ্যমীতা, কর্মকুশলতা আৰু জীৱনৰ বিভিন্ন বিষয়ে শিকায়৷ তেওঁ মানুহক নিজৰ জীৱন উন্নীত কৰিবলৈ আৰু নিজৰ লক্ষ্যবোৰ লাভ কৰিবলৈ সহায় কৰে৷ বিকাশ সমগ্ৰ উত্তৰ-পূর্বাঞ্চল তথা পূব ভাৰতৰ একমাত্ৰ আৰু প্ৰথম ই-বুক ষ্টোৰ আসামকার্ট (www.assamkart.com) ৰ এজন প্ৰতিষ্ঠাপক৷ আসামকার্টে পৃথিৱীৰ যিকোনো ঠাইৰ পঢ়ুৱৈয়ে অসমীয়া ই-বুক (কিতাপ) মবাইল ফোন আৰু কম্পিউটাৰত পঢ়িব পৰাকৈ যোগান ধৰে৷ বিকাশ Life Skills Training Institute (www.lstionline.com) বা LSTI ৰো এজন প্ৰতিষ্ঠাপক৷ এই অনুষ্ঠানে বিভিন্ন শ্ৰেণীৰ মানুহক মটিভেচনেল আৰু লাইফ স্কিল ট্ৰেইনিং আগবঢ়ায় যাৰ দ্বাৰা যুবক-যুৱতী সকলৰ সমর্থবান কৰাৰ লগতে সকলো মানুহৰে জীৱনৰ উন্নতি সাধনত সহায় হয়৷ বিকাশে অসমৰ বিভিন্ন টিভি চেনেল, যেনে প্ৰতিদিন টাইম আদিত বিভিন্ন সময়ত মটিভেচনেল স্পীকাৰ আৰু লাইফ স্কিল এক্সপার্ট হিচাপে মানুহৰ জীৱন সম্পর্কীয় নানা কথা-বতৰাত ভাগ লৈছে৷ তেওঁ “আমাৰ অসম” কাকতত আৰু মহিলা আলোচনী “নন্দিনী” ত দুটা নিয়মীয়া শিতানো লিখে৷ বিকাশে “বিকাশ কলিতা”(www.bikashkalita.com) নামৰ আন এটা পার্চনেল ডেভেলপমেন্ট ব্লগ লিখে৷

2 thoughts on “৩০ টা কাম যিয়ে আপোনাক যিকোনো ঠাইতে সুখী কৰিব

Leave a Reply

Your email address will not be published. Required fields are marked *