বহি থকা হ’ল নতুন ধূম্ৰপান

আপুনি নিজে ল’ব লাগিব নিজৰ শৰীৰৰ যতন আৰু তাকে কৰিবলৈ হ’লে স্বাস্থ্যৰ বাবে অপকাৰী অভ্যাসবোৰ বাদ দিব লাগিব। ধূম্ৰপান বা চিগাৰেট হোপাটো তেনে এক অভ্যাস। চিগাৰেট খালে নানা ধৰণৰ সমস্যাই দেখা দিয়ে আৰু সেইকাৰণে আপুনি কেতিয়াও চিগাৰেট খাব নালাগে, আনকি “টেষ্ট” কৰিও চাব নালাগে। চিগাৰেট খোৱা মানুহে, আনকি “চেইন স্ম’কাৰ” সকলেও চিগাৰেট এৰাৰ চেষ্টা কৰে। নানা ধৰণৰ সজাগতা অনুষ্ঠান, শিবিৰ আদি আয়োজন কৰি চিগাৰেট সেৱন কমোৱাৰ চেষ্টাও কৰি থকা হয়। এইবিলাক সকলো খুব ভাল কথা

কিন্তু আপুনি জানেনে

বহি থকাটো যে নতুন ধূম্ৰপানৰ নিচিনা?

আপুনি সম্ভৱত দিনে ৮ ৰপৰা ১০ ঘন্টা বহি থাকে। আপুনি কোনোবা অফিচত চাকৰিয়ে কৰক বা নিজৰ ব্যবসায়ে কৰক বা ঘৰৰ পৰাই কাম কৰক, আপুনি কমেও ৮ ৰ পৰা ১০ ঘন্টা বহি কাম কৰে। এইটো এটা বৰ বেয়া অভ্যাস। আপুনি যদি প্ৰায়ে তেনেদৰে বহু সময় বহি কটায়, তেন্তে ই আপোনাৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পেলায়।

বহু সময় ধৰি একেৰাহে বহি থাকিলে কি কি সমস্যা হ’ব পাৰে-

১) পৰিপাক ক্ৰিয়াৰ ক্ষমতা হ্ৰাস হোৱা

২) অপ্ৰাকৃতিক শৰীৰ গঠন

৩) পিঠি আৰু ৰাজহাড়ৰ আঘাত

৪) সামাজিক সক্ষমতা কমি যোৱা

৫) ডিপ্ৰেচন

৬) অকলশৰীয়া ভাব হোৱা

৭) অনবৰতে হৈ থকা বিষ

৮) হাড়ৰ বিষ

৯) মেদবহুলতা

১০) ডায়েবিটিছ

১১) কেঞ্চাৰ

১২) হাৰ্টৰ সমস্যাৰ সম্ভাৱনা ৬৪% বাঢ়ি যায়

কেনেদৰে আপুনি ইয়াৰ মোকাবিলা কৰিব?

থিয় হওঁক আৰু খোজ কাঢ়ক। কামৰ মাজতে অকণমান ছুটি লৈ অলপ সময় খোজ কাঢ়ক, লাগিলে অফিচৰ ভিতৰতে কাঢ়ক। এখন “ষ্টেণ্ডিং ডেক্স” বা থিয় হৈ কাম কৰিব পৰা এখন ডেক্স যোগাৰ কৰক। মই তেনে এখন ডেক্সত কাম কৰোঁ, গতিকে গোটেই দিনটোত মোৰ মুঠ বহা সময় ৩-৪ ঘন্টাতকৈ বেছি নহয়।

এনেদৰে সৰু সৰু কামৰ দ্বাৰাই আপুনি আপোনাৰ শৰীৰৰ যত্ন লোৱাৰ লগতে

জীৱনবৃত্তত আমি সদায় আপোনালোকৰ কামত অহা কথাবোৰ, উপায়, কৌশল আদিৰ কথাৰ বিষয়ে লিখোঁ। ওপৰৰ কথাখিনি যদি কামত আহিছে, তেনেহ’লে ইয়াত বা আমাৰ ফেচবুক পেজত কমেন্ট এটা দি জনাব।

Post Author: বিকাশ কলিতা

বিকাশ এজন মটিভেচনেল স্পীকাৰ, উদ্যোগী (আন্ট্ৰপ্ৰিনৰ), কোচ, কার্যকুশলতা বিশেষজ্ঞ আৰু লিখক, যিয়ে পার্ছনেল ডেভেলপমেন্ট, উদ্যমীতা, কর্মকুশলতা আৰু জীৱনৰ বিভিন্ন বিষয়ে শিকায়৷ তেওঁ মানুহক নিজৰ জীৱন উন্নীত কৰিবলৈ আৰু নিজৰ লক্ষ্যবোৰ লাভ কৰিবলৈ সহায় কৰে৷ বিকাশ সমগ্ৰ উত্তৰ-পূর্বাঞ্চল তথা পূব ভাৰতৰ একমাত্ৰ আৰু প্ৰথম ই-বুক ষ্টোৰ আসামকার্ট (www.assamkart.com) ৰ এজন প্ৰতিষ্ঠাপক৷ আসামকার্টে পৃথিৱীৰ যিকোনো ঠাইৰ পঢ়ুৱৈয়ে অসমীয়া ই-বুক (কিতাপ) মবাইল ফোন আৰু কম্পিউটাৰত পঢ়িব পৰাকৈ যোগান ধৰে৷ বিকাশ Life Skills Training Institute (www.lstionline.com) বা LSTI ৰো এজন প্ৰতিষ্ঠাপক৷ এই অনুষ্ঠানে বিভিন্ন শ্ৰেণীৰ মানুহক মটিভেচনেল আৰু লাইফ স্কিল ট্ৰেইনিং আগবঢ়ায় যাৰ দ্বাৰা যুবক-যুৱতী সকলৰ সমর্থবান কৰাৰ লগতে সকলো মানুহৰে জীৱনৰ উন্নতি সাধনত সহায় হয়৷ বিকাশে অসমৰ বিভিন্ন টিভি চেনেল, যেনে প্ৰতিদিন টাইম আদিত বিভিন্ন সময়ত মটিভেচনেল স্পীকাৰ আৰু লাইফ স্কিল এক্সপার্ট হিচাপে মানুহৰ জীৱন সম্পর্কীয় নানা কথা-বতৰাত ভাগ লৈছে৷ তেওঁ “আমাৰ অসম” কাকতত আৰু মহিলা আলোচনী “নন্দিনী” ত দুটা নিয়মীয়া শিতানো লিখে৷ বিকাশে “বিকাশ কলিতা”(www.bikashkalita.com) নামৰ আন এটা পার্চনেল ডেভেলপমেন্ট ব্লগ লিখে৷

Leave a Reply

Your email address will not be published. Required fields are marked *