ধনাত্মক কথাৰ পুনঃৰোক্তি

ধনাত্মক কথাৰ পুনঃৰোক্তি মানে হ’ল নিজে বাৰে বাৰে আপুনি নিজৰ জীৱনত বিচৰা ধনাত্মক কথাবোৰ নিজকে কৈ থকাতো। বাৰে বাৰে কৈ থকাৰ ফলত এনে ধনাত্মক কথাবোৰ আাপোনাৰ মনত ৰৈ যায়। আপোনাৰ অৱচেতন মনত এই কথাবোৰে ক্ৰিয়া কৰি আপোনাৰ মনটো শক্তিশালী কৰি তোলে। আপোনাৰ অন্তঃমনৰ চিন্তাবোৰ সলনি কৰি এইবোৰক ধনাত্মক চিন্তাৰে পৰিপূৰ্ণ কৰি তোলে।

“According to the dictionary, the word affirm means to validate and to state positively. Practically, this defines a nurturing communications style; one in which you talk to yourself and to others in a positive manner. In general, “positives” are more powerful than “negatives.” Positives are a one-step process that creates a picture that you want the brain to follow. Negatives, on the other hand, require a two-step process. Words such as don’t are meant to convey do the opposite of the picture that was just created in the brain. This is often difficult for a mature brain to figure out and may be virtually impossible for the immature brain to compute.It might feel silly at first, but let me encourage you to speak affirmations out loud.”

-Dr. Arlene Taylor, “What Does Affirmation Mean?”

ধনাত্মক পুনঃৰোক্তি আচল শক্তি আছে। এইবোৰে কেৱল আপোনাৰ জীৱনৰ ধনাত্মক কথাবোৰৰ ওপৰতে মন দিয়াত সহায় নকৰে, ইহঁতে আপোনাক আপোনাৰ জীৱনৰ লক্ষ্যবোৰো মনত ৰখাত সহায় কৰে। এনেদৰে লক্ষ্যবোৰ মনত ৰাখিলে এইবোৰ লাভ কৰিবলৈ আপুনি কৰা চেষ্টা কৰি থাকিবলৈ আপুনি অনুপ্ৰেৰণা পাব।

এনে ধনাত্মক কথাৰ পুনঃৰোক্তিবোৰ আপুনি কিছুমান সৰল, সহজ কিন্তু পোনপটীয়া বাক্যত কৰিব লাগিব –

মই সাৰে আছোঁ আৰু মই জীৱিত। আজিৰ দিনটোৰ বাবে মোক যি শক্তি লাগে সেয়া মোৰ প্ৰচুৰ পৰিমাণে আছে

মই যি কৰিব বিচাৰোঁ, মই তাকে কৰিব পাৰোঁ।

মই মোৰ জীৱনৰ গৰাকী আৰু মই ইয়াক ভাল কৰি তুলিব পাৰোঁ।

সুখ আৰু আনন্দ এনে এটা বস্তু যাক মই পাব পাৰোঁ আৰু মই ইয়াক পামেই।

Post Author: বিকাশ কলিতা

বিকাশ এজন মটিভেচনেল স্পীকাৰ, উদ্যোগী (আন্ট্ৰপ্ৰিনৰ), কোচ, কার্যকুশলতা বিশেষজ্ঞ আৰু লিখক, যিয়ে পার্ছনেল ডেভেলপমেন্ট, উদ্যমীতা, কর্মকুশলতা আৰু জীৱনৰ বিভিন্ন বিষয়ে শিকায়৷ তেওঁ মানুহক নিজৰ জীৱন উন্নীত কৰিবলৈ আৰু নিজৰ লক্ষ্যবোৰ লাভ কৰিবলৈ সহায় কৰে৷ বিকাশ সমগ্ৰ উত্তৰ-পূর্বাঞ্চল তথা পূব ভাৰতৰ একমাত্ৰ আৰু প্ৰথম ই-বুক ষ্টোৰ আসামকার্ট (www.assamkart.com) ৰ এজন প্ৰতিষ্ঠাপক৷ আসামকার্টে পৃথিৱীৰ যিকোনো ঠাইৰ পঢ়ুৱৈয়ে অসমীয়া ই-বুক (কিতাপ) মবাইল ফোন আৰু কম্পিউটাৰত পঢ়িব পৰাকৈ যোগান ধৰে৷ বিকাশ Life Skills Training Institute (www.lstionline.com) বা LSTI ৰো এজন প্ৰতিষ্ঠাপক৷ এই অনুষ্ঠানে বিভিন্ন শ্ৰেণীৰ মানুহক মটিভেচনেল আৰু লাইফ স্কিল ট্ৰেইনিং আগবঢ়ায় যাৰ দ্বাৰা যুবক-যুৱতী সকলৰ সমর্থবান কৰাৰ লগতে সকলো মানুহৰে জীৱনৰ উন্নতি সাধনত সহায় হয়৷ বিকাশে অসমৰ বিভিন্ন টিভি চেনেল, যেনে প্ৰতিদিন টাইম আদিত বিভিন্ন সময়ত মটিভেচনেল স্পীকাৰ আৰু লাইফ স্কিল এক্সপার্ট হিচাপে মানুহৰ জীৱন সম্পর্কীয় নানা কথা-বতৰাত ভাগ লৈছে৷ তেওঁ “আমাৰ অসম” কাকতত আৰু মহিলা আলোচনী “নন্দিনী” ত দুটা নিয়মীয়া শিতানো লিখে৷ বিকাশে “বিকাশ কলিতা”(www.bikashkalita.com) নামৰ আন এটা পার্চনেল ডেভেলপমেন্ট ব্লগ লিখে৷

Leave a Reply

Your email address will not be published. Required fields are marked *