তালিকাৰ পৰা কামবোৰ কাটি যাওক

যেতিয়া আপোনাৰ কোনো এখন তালিকা বা লিষ্টৰ পৰা আপুনি কামবোৰ কাটি যাব পাৰে, আপোনাৰ মনটো ভাল লাগে। যদি আপোনাৰ কৰিবলগীয়া কামৰ এখন তালিকা আছে, তেন্তে তাৰ পৰা কৰিবলগীয়া কামবোৰ কৰাৰ পিছত কামবোৰ কাটি যাব পাৰিলে আপোনাৰ মনটো ভাল লাগে। এটাৰ পিছত এটাকৈ এনে কামবোৰ কাটি যাব পাৰিলে আপুনি আনন্দিত হয়।

তেনে আনন্দ পাবলৈ আপুনি আপোনাৰ কৰিবলগীয়া কামৰ তালিকাৰ পৰা কামবোৰ এটা এটাকৈ কাটি যাওক, কিন্তু কামবোৰ তেতিয়াহে কাটিব যেতিয়া সেইবোৰ কৰা শেষ হয়। ই আপোনাক শিকাব কেনেদৰে আপুনি বেছি কাম কৰিব পাৰে (বা প্ৰডাক্টিভ হ”ব পাৰে) আৰু বেছি ভাল ফলাফল পাব পাৰে। যদি আপুনি বহু কাম কৰিবলগীয়া আছে, তেন্তে এটাৰ পিছত এটাকৈ কামবোৰ কৰি যাওক। যদি আপুনি ডাঙৰ কাম এটা কৰিবলগীয়া আছে, তেন্তে তাক সৰু সৰু কাম কিছুমানত ভগাই লওক। এনেদৰে আপুনি আপোনাৰ লক্ষ্য লাভ কৰিব আৰু আপোনাৰ লক্ষ্যস্থান পাবগৈ। কাম কৰাৰ এটা সুন্দৰ, ফূৰ্তি লগা উপায় নহয়নে? এহাতে আপুনি কামবোৰ কৰি শেষ কৰাৰ বাবে মনত ফূৰ্তি পায় আাৰু আনহাতে কামবোৰ কৰি শেষ কৰাৰ বাবে আপুনি আগুৱাই যায় নিজৰ লক্ষ্যৰ দিশে। ইয়াতকৈ আৰু কিবা ভাল হ’ব পাৰেনে?

আপুনি যদি আগতে কেতিয়াও এয়া কৰি চোৱা নাই, তেন্তে আপুনি এতিয়া কৰি চাব পাৰে।

আজি কৰি চাওকচোন-

আপুনি কৰিবলগীয়া কামৰ এখন তালিকা কৰক আৰু তাৰ পৰা এটা এটাকৈ কামবোৰ কৰা আৰম্ভ কৰক। আপুনি কাম কৰি শেষ কৰাৰ যি আনন্দ তাক লাভ কৰিব।

কাগজ-কলম বা আপোনাৰ স্মাৰ্টফোনটোত আপুনি কৰিবলগীয়া কামবোৰৰ এখন তালিকা কৰক আৰু আাৰম্ভ কৰক কাম কৰাৰ এটা নতুন ধৰণ।

জীৱনবৃত্তত আমি সদায় আপোনালোকৰ কামত অহা কথাবোৰ, উপায়, কৌশল আদিৰ কথাৰ বিষয়ে লিখোঁ। ওপৰৰ কথাখিনি যদি কামত আহিছে, তেনেহ’লে ইয়াত বা আমাৰ ফেচবুক পেজত কমেন্ট এটা দি জনাব।

Post Author: বিকাশ কলিতা

বিকাশ এজন মটিভেচনেল স্পীকাৰ, উদ্যোগী (আন্ট্ৰপ্ৰিনৰ), কোচ, কার্যকুশলতা বিশেষজ্ঞ আৰু লিখক, যিয়ে পার্ছনেল ডেভেলপমেন্ট, উদ্যমীতা, কর্মকুশলতা আৰু জীৱনৰ বিভিন্ন বিষয়ে শিকায়৷ তেওঁ মানুহক নিজৰ জীৱন উন্নীত কৰিবলৈ আৰু নিজৰ লক্ষ্যবোৰ লাভ কৰিবলৈ সহায় কৰে৷ বিকাশ সমগ্ৰ উত্তৰ-পূর্বাঞ্চল তথা পূব ভাৰতৰ একমাত্ৰ আৰু প্ৰথম ই-বুক ষ্টোৰ আসামকার্ট (www.assamkart.com) ৰ এজন প্ৰতিষ্ঠাপক৷ আসামকার্টে পৃথিৱীৰ যিকোনো ঠাইৰ পঢ়ুৱৈয়ে অসমীয়া ই-বুক (কিতাপ) মবাইল ফোন আৰু কম্পিউটাৰত পঢ়িব পৰাকৈ যোগান ধৰে৷ বিকাশ Life Skills Training Institute (www.lstionline.com) বা LSTI ৰো এজন প্ৰতিষ্ঠাপক৷ এই অনুষ্ঠানে বিভিন্ন শ্ৰেণীৰ মানুহক মটিভেচনেল আৰু লাইফ স্কিল ট্ৰেইনিং আগবঢ়ায় যাৰ দ্বাৰা যুবক-যুৱতী সকলৰ সমর্থবান কৰাৰ লগতে সকলো মানুহৰে জীৱনৰ উন্নতি সাধনত সহায় হয়৷ বিকাশে অসমৰ বিভিন্ন টিভি চেনেল, যেনে প্ৰতিদিন টাইম আদিত বিভিন্ন সময়ত মটিভেচনেল স্পীকাৰ আৰু লাইফ স্কিল এক্সপার্ট হিচাপে মানুহৰ জীৱন সম্পর্কীয় নানা কথা-বতৰাত ভাগ লৈছে৷ তেওঁ “আমাৰ অসম” কাকতত আৰু মহিলা আলোচনী “নন্দিনী” ত দুটা নিয়মীয়া শিতানো লিখে৷ বিকাশে “বিকাশ কলিতা”(www.bikashkalita.com) নামৰ আন এটা পার্চনেল ডেভেলপমেন্ট ব্লগ লিখে৷

One thought on “তালিকাৰ পৰা কামবোৰ কাটি যাওক

Leave a Reply

Your email address will not be published. Required fields are marked *