জীৱনটোক সহজ সৰল কৰি তোলক

জীৱনটোক সহজ কৰিবলৈ জীৱনৰ বিভিন্ন পৰিসৰ যেনে সামাজিক, শাৰীৰিক, মানসিক, বিত্তীয়, জীৱিকা আদি আপুনি সৰল কৰিব লাগিব।

এখন সৰল ৰুটিন বনাওক

এই ৰুটিনখন বিভিন্ন সৰল, সহজ কথাবোৰ থাকিব পাৰে। যেনে-

ৰাতিপুৱা ৫ বজাত উঠা, ৰাতিপুৱা উঠি একাপ গ্ৰীণ টি খোৱা, ৰাতিপুৱা দৌৰা, জগিং বা শাৰীৰিক ব্যায়াম কৰা, কিতাপ এখনৰ অলপ পঢ়া, আপুনি মনে বিচৰা প্ৰজেক্টটোত কাম কৰা, বাচি বাচি কেইজনমান বন্ধু বা আপোনাৰ স্বামী/স্ত্ৰী ৰ লগত কথা-বতৰা হোৱা, গান শুনা ইত্যাদি।

প্ৰত্যেক মানুহৰে ৰুটিনখন বেলেগ বেলেগ হ’ব পাৰে।

মিনিমেলিষ্টিক হওঁক- যিমানে কম বস্তু থাকিব সিমানে চিন্তাবোৰো কম হ’ব

মিনিমেলিষ্টিক এটা লাইফষ্টাইল বা জীৱনশৈলী। এই শৈলীত অতি অত্যাৱশ্যকীয় বস্তুৰ বাহিৰে আন একো বস্তুৱে কিনা বা গোটোৱা নহয়। আমৰ জীৱনত আমি বহু অদৰকাৰী বস্তু কিনো। তেনে কিৰ গৈ থাকিলে এটা সময়ত আমাৰ ঘৰ নলগা বস্তুৰে ভৰি পৰে। মিনিমেলিষ্ট সকলে অতি আৱশ্যকীয় বস্তুৰ বাহিৰে আন বস্ত নোগোটায়। তেওঁলোকে যিখিনি বস্তু নহ’লে নচলে সেইখিনি বস্তুহে গোটায়। আপুনিও ইচ্ছা কৰিলে মিনিমেলিষ্টিক হ’ব পাৰে।

টি ভি, গাড়ী, দৰকাৰতকৈ বেছি কাপোৰ, ফাৰ্নিচাৰ, মনোৰঞ্জনৰ আহিলাসমূহ দলিয়াই পেলাওক।

গাড়ী বা দি চাইকেল চলাওক বা খোজ কঢ়া আৰম্ভ কৰক।

টি ভি চোৱা বাদ দিয়ক।

বেছিকৈ খবৰ পঢ়া, চোৱা বা শুনা বাদ দিয়ক।

মাত্ৰ এসপ্তাহৰ বাবে এই জীৱনশৈলী অনুসৰণ কৰি চাওঁকচোন। আপুনি আচৰিত হ’ব আপোনাৰ মনটো কিমান ভাল লাগিব।

কম বস্তু মানে কম টকা-পইচাৰ দৰকাৰ

যদি আপুনি কম টকা-পইছাত চলিব পাৰে তেতিয়া চাকৰি বাদ দি আপুনি নিজৰ কাম আৰম্ভ কৰিব পাৰে বা ফ্ৰিলেনচাৰ হিচাপে কাম কৰি নিজৰ উপাৰ্জন উলিয়াব পাৰে। যদি আপুনি কম বস্তুৰে চলিব পাৰে, তেন্তে আপোনাক কম পইচাৰ দৰকাৰ হ’ব। জীয়াই থাকিবলৈ আপোনাক কম পইচা লাগিব৷

প্ৰথমতে কমকৈ আৰম্ভ কৰক

সম্পূৰ্ণৰূপে তেনে ডাঙৰ পদক্ষেপ এটা লোৱাৰ আগতে এসপ্তাহৰ বাবে এনে এটা জীৱন চেষ্টা কৰি চাওঁকচোন। যদি আপুনি এনে সহজ-সৰল জীৱন এটা ভাল পায়, তেন্তে আপুনি নিজৰ জীৱনটো সম্পূৰ্ণৰূপে সলাই পেলাব পাৰিব।

Post Author: বিকাশ কলিতা

মটিভেচনেল স্পীকাৰ, লাইফ স্কিল প্ৰশিক্ষক, চার্টিফাইড কোচ আৰু উদ্যোগী (আন্ট্ৰিপ্ৰিনিওৰ) , যিয়ে পার্ছনেল ডেভেলপমেন্ট, উদ্যমীতা, কর্মকুশলতা আৰু জীৱনৰ বিভিন্ন বিষয়ে শিকায়৷ তেওঁ মানুহক নিজৰ জীৱন উন্নীত কৰিবলৈ আৰু নিজৰ লক্ষ্যবোৰ লাভ কৰিবলৈ সহায় কৰে৷ বিকাশ International Coach Federation (ICF), USA ৰ দ্বাৰা চার্টিফাইড এজন চার্টিফাইড কোচ, Associate Certified Coach (ACC). বিকাশ সমগ্ৰ উত্তৰ-পূর্বাঞ্চল তথা পূব ভাৰতৰ একমাত্ৰ আৰু প্ৰথম ই-বুক ষ্টোৰ আসামকার্ট (www.assamkart.com) ৰ এজন প্ৰতিষ্ঠাপক৷ আসামকার্টে পৃথিৱীৰ যিকোনো ঠাইৰ পঢ়ুৱৈয়ে অসমীয়া ই-বুক (কিতাপ) মবাইল ফোন আৰু কম্পিউটাৰত পঢ়িব পৰাকৈ যোগান ধৰে৷ বিকাশ Life Skills Training Institute (www.lstionline.com) বা LSTI ৰো এজন প্ৰতিষ্ঠাপক৷ এই অনুষ্ঠানে বিভিন্ন শ্ৰেণীৰ মানুহক মটিভেচনেল আৰু লাইফ স্কিল ট্ৰেইনিং আগবঢ়ায় যাৰ দ্বাৰা যুবক-যুৱতী সকলৰ সমর্থবান কৰাৰ লগতে সকলো মানুহৰে জীৱনৰ উন্নতি সাধনত সহায় হয়৷ বিকাশে অসমৰ বিভিন্ন টিভি চেনেল, যেনে প্ৰতিদিন টাইম আদিত বিভিন্ন সময়ত মটিভেচনেল স্পীকাৰ আৰু লাইফ স্কিল এক্সপার্ট হিচাপে মানুহৰ জীৱন সম্পর্কীয় নানা কথা-বতৰাত ভাগ লৈছে৷ তেওঁ “আমাৰ অসম” কাকতত আৰু মহিলা আলোচনী “নন্দিনী” ত দুটা নিয়মীয়া শিতানো লিখে৷ বিকাশে “বিকাশ কলিতা”(www.bikashkalita.com) নামৰ আন এটা পার্চনেল ডেভেলপমেন্ট ব্লগ লিখে৷

One thought on “জীৱনটোক সহজ সৰল কৰি তোলক

Leave a Reply

Your email address will not be published. Required fields are marked *