ছুটীৰ সময়ত কাম কেনেদৰে কৰিব পাৰি

যদি আপুনি ছুটী লৈ পৰিয়ালৰ বা বন্ধু-বান্ধবৰ সৈতে ফুৰিবলৈ গৈছে, তেন্তে তেনে সময়ত কামৰ পৰাও ছুটী লওঁক আৰু সেই সময়ত একো কাম নকৰিব।

কিন্তু যদি কেতিয়াবা নকৰিলে নহয়, তেন্তে হয়তো আপুনি ছুটী লৈ ফুৰিবলৈ যোৱাৰ পিছতো কিছু কাম কৰিবলগীয়া হ’ব পাৰে। তেনে ক্ষেত্ৰত আপোনাৰ পৰিয়াল বা বন্ধু-বান্ধবৰ খঙ নোতোলাকৈ আৰু তেওঁলোকক অশান্তি নিদিয়াকৈ কেনেদৰে আপুনি কাম কৰিব পাৰে?

কামৰ পৰা আঁতৰি থাকক

ওপৰত কোৱাৰ দৰে যদি পাৰি, তেনেহ’লে কামৰ পৰা আঁতৰি থাকক। যদি সম্পূৰ্ণৰূপে অফিচৰ পৰা আপোনাক ঢুকি নোপোৱাকৈ থাকিব পাৰে, তেনেদৰে থাকক। যিহেতু আপুনি নিজে এই বন্ধ (ছুটী) লৈছে গতিকে আপুনি নিশ্চয় যোৱাৰ আগতে সকলো পৰিকল্পনা কৰি লৈছে। আপুনি অফিচৰ পৰা আৰু কামৰ পৰা ছুটীত থাকিবলগীয়া দিনকেইটাৰ বাবে নিশ্চয় আগতেই প্লেন কৰি লৈছিল। তাৰমানে এই সময়ছোৱাত কাম নকৰাৰ প্লেন আৰু সিদ্ধান্ত আপুনি আগতেই কৰি থৈছে, গতিকে সেইটো মানি চলক।

কিছু সময় একাষৰীয়াকৈ থওঁক

যদি আপুনি কাম কৰিবই লাগে, তেন্তে তাৰ বাবে কিছু সময় আচুতীয়াকৈ থওঁক। যদি আপুনি আন কাৰোবাৰ লগত একেটা প্ৰজেক্টত কাম কৰি আছে, তেন্তে তেওঁলোকক সেই আচুতীয়াকৈ ৰখা সময়খিনিৰ কথা জনাওক। সেই সময়ছোৱাতকৈ আৰু বেছি সময় কেতিয়াও নিদিব।

কেবল অতি দৰকাৰী আৰু একেবাৰে সাধাৰণ কামহে কৰক

এই সময়ছোৱাত কেবল একেবাৰে সাধাৰণ আৰু দৰকাৰী কামহে কৰিব। কেতিয়াও ষ্ট্ৰেছ হ’ব পৰা কোনো কাম নকৰিব। বেছি সময় লগা কামও নকৰিব। সাধাৰণ কাম যেনে- ই মেইল চোৱা, উত্তৰ দিয়া, ফোন কৰা, প্ৰজেক্টৰ ষ্টেটাচ চোৱা আদিহে কৰিব। যদি দৰকাৰী হয় আন কাৰোবাক কামবোৰ ভগাই দিয়ক।

শক্তিশালী ইন্টাৰনেট বিচাৰি লওঁক

ছুটী বা বন্ধৰ সময়ত কাম কৰিলে শক্তিশালী ইন্টাৰনেট বিচাৰি লওঁক। খুব ভাল স্পীডৰ ইন্টাৰনেট হ’লেহে কাম কৰিব। দুৰ্বল বা স্ল’ ইন্টাৰনেটে আপোনাৰ বহু সময় আৰু চেষ্টা নষ্ট কৰিব। দৰকাৰ পৰিলে এটা শক্তিশালী ইন্টাৰনেট ডিভাইচ, হটস্পট বা ইন্টাৰনেট হাব বা ফোনৰ পৰা ইন্টাৰনেট পোৱাৰ ব্যৱস্থা কৰি লওঁক। হোটেল এখন বাছি লওঁতে কেবল শক্তিশালী ইন্টাৰনেট থকা হোটেলখনহে বাছি ল’ব।

অলপ মাত্ৰ প্লেনিং বা পৰিকল্পনা থাকিলে আপুনি ছুটী উপভোগ কৰাৰ লগতে অতি দৰকাৰী কিবা কাম থাকিলে তাকো কৰিব পাৰিব।

জীৱনবৃত্তত আমি সদায় আপোনালোকৰ কামত অহা কথাবোৰ, উপায়, কৌশল আদিৰ কথাৰ বিষয়ে লিখোঁওপৰৰ কথাখিনি যদি কামত আহিছে, তেনেহ’লে ইয়াত বা আমাৰ ফেচবুক পেজত কমেন্ট এটা দি জনাব

Post Author: বিকাশ কলিতা

বিকাশ এজন মটিভেচনেল স্পীকাৰ, উদ্যোগী (আন্ট্ৰপ্ৰিনৰ), কোচ, কার্যকুশলতা বিশেষজ্ঞ আৰু লিখক, যিয়ে পার্ছনেল ডেভেলপমেন্ট, উদ্যমীতা, কর্মকুশলতা আৰু জীৱনৰ বিভিন্ন বিষয়ে শিকায়৷ তেওঁ মানুহক নিজৰ জীৱন উন্নীত কৰিবলৈ আৰু নিজৰ লক্ষ্যবোৰ লাভ কৰিবলৈ সহায় কৰে৷ বিকাশ সমগ্ৰ উত্তৰ-পূর্বাঞ্চল তথা পূব ভাৰতৰ একমাত্ৰ আৰু প্ৰথম ই-বুক ষ্টোৰ আসামকার্ট (www.assamkart.com) ৰ এজন প্ৰতিষ্ঠাপক৷ আসামকার্টে পৃথিৱীৰ যিকোনো ঠাইৰ পঢ়ুৱৈয়ে অসমীয়া ই-বুক (কিতাপ) মবাইল ফোন আৰু কম্পিউটাৰত পঢ়িব পৰাকৈ যোগান ধৰে৷ বিকাশ Life Skills Training Institute (www.lstionline.com) বা LSTI ৰো এজন প্ৰতিষ্ঠাপক৷ এই অনুষ্ঠানে বিভিন্ন শ্ৰেণীৰ মানুহক মটিভেচনেল আৰু লাইফ স্কিল ট্ৰেইনিং আগবঢ়ায় যাৰ দ্বাৰা যুবক-যুৱতী সকলৰ সমর্থবান কৰাৰ লগতে সকলো মানুহৰে জীৱনৰ উন্নতি সাধনত সহায় হয়৷ বিকাশে অসমৰ বিভিন্ন টিভি চেনেল, যেনে প্ৰতিদিন টাইম আদিত বিভিন্ন সময়ত মটিভেচনেল স্পীকাৰ আৰু লাইফ স্কিল এক্সপার্ট হিচাপে মানুহৰ জীৱন সম্পর্কীয় নানা কথা-বতৰাত ভাগ লৈছে৷ তেওঁ “আমাৰ অসম” কাকতত আৰু মহিলা আলোচনী “নন্দিনী” ত দুটা নিয়মীয়া শিতানো লিখে৷ বিকাশে “বিকাশ কলিতা”(www.bikashkalita.com) নামৰ আন এটা পার্চনেল ডেভেলপমেন্ট ব্লগ লিখে৷

Leave a Reply

Your email address will not be published. Required fields are marked *