“Whether one believes in religion or not, whether one believes in this religion or that religion, the very purpose of our life is happiness, the very motion of our life is towards happiness.”
H.H. the Dalai Lama, from The Art of Happiness
সকলো মানুহৰে জীৱনৰ প্ৰকৃত উদ্দেশ্য হ’ল সুখ। এই উদ্দেশ্য লাভ কৰিবলৈ বিভিন্নজনে বিভিন্ন ৰাস্তা ল’ব পাৰে। আপুনি জীৱনত যিয়েই নকৰক, আপোনাৰ মূল উদ্দেশ্য হ’ল সুখ লাভ কৰা। আপুনি আপোনাৰ চাকৰিত খুব কষ্ট কৰি টলা-পইচা ঘটাৰ চেষ্টা কৰক বা মটৰচাইকেলেৰে গোটেই পৃথিৱী পৰিভ্ৰমণ কৰক বা একেবাৰে মিনিমেলিষ্টিক জীৱন এটা জীয়াই থকাৰ চেষ্টা কৰক বা যিমান পাৰি সিমান বস্তু গোটোৱাৰ চেষ্টা কৰক, এই সকলোবোৰৰে আঁৰত আছে সুখী হোৱাৰ আকাংক্ষা। আপোনাৰ পথটো শুদ্ধ নে ভুল সেয়া অৱশ্যে আন এটা কথা।
যদিও আপোনাৰ লক্ষ্যটো পজিটিভ আৰু শুদ্ধ, আপুনি তাক লাভ কৰিবলৈ ভুল বা অশুদ্ধ পথ এটা ল’ব পাৰে। আপোনাৰ পথ, ষ্ট্ৰেটেজী আৰু কৌশলৰ ওপৰত নিৰ্ভৰ কৰি ফলাফল আপুনি বিচৰাতকৈ বেলেগ হ’ব পাৰে। সেইবাবেই আটাইতকৈ ভাল আৰু শুদ্ধ পথটো বাচি লোৱাটো বৰ দৰকাৰী।
কিছুমান কাম বা পথ যিবিলাকে আপোনাক সুখী হোৱাত সহায় কৰিব-
১) আন মানুহক সহায় কৰা
২) এটা মিনিমেলিষ্টিক জীৱন যাপন কৰা (মানে অত্যাৱশ্যকীয় বস্তুৰ বাহিৰে আন বস্তু নোহোৱাকৈ জীয়াই থকা)
৩) আপোনাৰ আকাংক্ষাবোৰ নিয়ন্ত্ৰিত কৰি ৰখা
৪) “বেছি” বস্তু থকাতকৈ পৰ্যাপ্ত (বা যথেষ্ট) থকাৰ ওপৰত জোৰ দিয়া
৫) জীৱনৰ লক্ষ্য বা উদ্দেশ্যবোৰ বাচি উলিওৱা
৬) সৎ আৰু শুদ্ধ বুলি জনা পথত চলা
৭) জীৱনৰ প্ৰত্যেক মূহুৰ্ত পৰিপূৰ্ণভাবে জীয়াই থকা
৮) যি ভাল পায় তাকেই কৰা
৯) নিজৰ যি আছে তাৰ বাবে কৃতজ্ঞ হোৱা
১০) অতীতৰ মনোযোগ দিয়াতকৈ বৰ্তমান আৰু ভবিষ্যতৰ ওপৰত গুৰুত্ব দিয়া
2 thoughts on “আমাৰ জীৱনৰ উদ্দেশ্যবোৰ”-
-
সপোনবোৰ – Jeevan Britta (জীৱন বৃত্ত)
(August 6, 2016 - 7:50 am)[…] দুদিন কথা বতৰা পতাৰ পিছত তেওঁৰ আচল সমস্যাটোৰ কথা গম পালোঁ৷ তেওঁৰ দুটা বস্তুৰ অভাৱ- সপোন আৰু জীৱনৰ উদ্দেশ্য৷ […]
আত্মসচেতনতা – Jeevan Britta (জীৱন বৃত্ত)
(November 12, 2016 - 2:48 pm)[…] বুজি পাব৷ তাতোকৈ ডাঙৰ কথা হ’ল আপুনি নিজৰ বিষয়ে বহু কথা গম পাব৷ নিজৰ বিষয়ে নজনাৰ […]