আপোনাৰ আনন্দক বৃদ্ধি কৰাৰ ৯ টা উপায়

আনন্দৰ পৰিমাণ বৃদ্ধি কৰাটো সম্ভৱনে? আপুনি নিজে পাৰেনে নিজৰ আনন্দ বৃদ্ধি কৰিব? নিশ্চয়, আপুনি পাৰে।

চাইক’লজিষ্টসকলে অতীজৰে পৰা কেনেকৈ মানুহক সুখী হোৱাৰ মাত্ৰা বঢ়াব পাৰি তাৰ ওপৰত গৱেষণা কৰি আহিছে। এনে গৱেষণাৰ পৰা পোৱা তথ্য অনুসৰি কিছুমান কাম কৰি আপোনাৰ আনন্দ বৃদ্ধি কৰিব পাৰি। কিবোৰ কাম কৰিলে এনেদৰে আনন্দ বৃদ্ধি কৰিব পাৰি চাওঁকচোন আহক-

৯ টা আনন্দ বৃদ্ধি কৰাৰ উপায়

হাঁহক

আনৰ ফালে চাই বা আইনাত নিজকে চাই হাঁহি মৰাৰ অভ্যাস কৰক

দয়াশীল হওঁক

আনৰ বাবে আনে নজনাকৈ কিবা এটা দয়া দেখুৱাওক

ব্যায়াম কৰক

ব্যায়াম কৰিলে আপুনি এক সুন্দৰ স্বাস্থ্যৰ অধিকাৰী হ’ব আৰু তেনে শৰীৰতহে এটা সুন্দৰ মন থাকিব

কৃতজ্ঞ হওঁক

আপোনাৰ জীৱনত যি আছে তাৰ বাবে কৃতজ্ঞ হ’লে আপুনি সুখী হ’ব পাৰিব

উন্নতিৰ চেষ্টা কৰক

নতুন নতুন কাম শিকক আৰু নিজকে আৰু ভাল কৰাৰ চেষ্টা কৰক

তীব্ৰভাবে চেষ্টা কৰক

আপুনি যি কাম ভাল পায় তাকে কৰক আাৰু সেয়া কৰোতে তীব্ৰ ইচ্ছাৰে সৈতে তাক কৰাৰ চেষ্টা কৰক

লক্ষ্যত মন প্ৰাণ সঁপি দিয়ক

কিছুমান লক্ষ্য ঠিক কৰি লওঁক আাৰু এইবোৰ লাভ কৰি সফলতাৰ অনুভৱৰ আনন্দ লওঁক

সামাজিক প্ৰাণী হ’বলৈ চেষ্টা কৰক

আন মানুহৰ সৈতে, বিশেষকৈ যাক আপুনি ভাল পায়, তেওঁলোকৰ লগত সম্পৰ্ক ভাল কৰক

বস্তুবিলাকৰ পৰা আনন্দ ল’বলৈ শিকক

মাইণ্ডফুল হ’বলৈ শিকক আাৰু সদায় দেখা, খোৱা, বস্তুবোৰ উপভোগ কৰিবলৈ শিকক

Post Author: বিকাশ কলিতা

বিকাশ এজন মটিভেচনেল স্পীকাৰ, উদ্যোগী (আন্ট্ৰপ্ৰিনৰ), কোচ, কার্যকুশলতা বিশেষজ্ঞ আৰু লিখক, যিয়ে পার্ছনেল ডেভেলপমেন্ট, উদ্যমীতা, কর্মকুশলতা আৰু জীৱনৰ বিভিন্ন বিষয়ে শিকায়৷ তেওঁ মানুহক নিজৰ জীৱন উন্নীত কৰিবলৈ আৰু নিজৰ লক্ষ্যবোৰ লাভ কৰিবলৈ সহায় কৰে৷ বিকাশ সমগ্ৰ উত্তৰ-পূর্বাঞ্চল তথা পূব ভাৰতৰ একমাত্ৰ আৰু প্ৰথম ই-বুক ষ্টোৰ আসামকার্ট (www.assamkart.com) ৰ এজন প্ৰতিষ্ঠাপক৷ আসামকার্টে পৃথিৱীৰ যিকোনো ঠাইৰ পঢ়ুৱৈয়ে অসমীয়া ই-বুক (কিতাপ) মবাইল ফোন আৰু কম্পিউটাৰত পঢ়িব পৰাকৈ যোগান ধৰে৷ বিকাশ Life Skills Training Institute (www.lstionline.com) বা LSTI ৰো এজন প্ৰতিষ্ঠাপক৷ এই অনুষ্ঠানে বিভিন্ন শ্ৰেণীৰ মানুহক মটিভেচনেল আৰু লাইফ স্কিল ট্ৰেইনিং আগবঢ়ায় যাৰ দ্বাৰা যুবক-যুৱতী সকলৰ সমর্থবান কৰাৰ লগতে সকলো মানুহৰে জীৱনৰ উন্নতি সাধনত সহায় হয়৷ বিকাশে অসমৰ বিভিন্ন টিভি চেনেল, যেনে প্ৰতিদিন টাইম আদিত বিভিন্ন সময়ত মটিভেচনেল স্পীকাৰ আৰু লাইফ স্কিল এক্সপার্ট হিচাপে মানুহৰ জীৱন সম্পর্কীয় নানা কথা-বতৰাত ভাগ লৈছে৷ তেওঁ “আমাৰ অসম” কাকতত আৰু মহিলা আলোচনী “নন্দিনী” ত দুটা নিয়মীয়া শিতানো লিখে৷ বিকাশে “বিকাশ কলিতা”(www.bikashkalita.com) নামৰ আন এটা পার্চনেল ডেভেলপমেন্ট ব্লগ লিখে৷

Leave a Reply

Your email address will not be published. Required fields are marked *