আপুনি কৰা কামটো লৈ আপুনি সুখীনে?

আপুনি যিটো কাম কৰি আছে, সেই কামটো লৈ আপুনি সুখীনে?

এইটো এটা সাধাৰণ প্ৰশ্ন কিন্তু ইয়াৰ উত্তৰটো সাধাৰণ নহয়, বৰ টান।

আপুনি এতিয়া কি কৰে? আপুনি কি কৰি আছে? আপুনি নিজে ভাল নোপোৱা এটা ৯-৫ চাকৰি কৰি আছে নেকি? আপুনি কিবা এটা অদৰকাৰী বা অযথা কাম কৰি আাছে নেকি? আন কোনোবাই বেয়া কৰা কাম এটা আপুনি ঠিক কৰি আছে নেকি? আপুনি এনে এটা কাম কৰি আছে নেকি যৰ পৰা আপুনি মাহে মাহে পইচা পায় কিন্তু যিটো কামৰ কোনো মূল্যই নাই?

প্ৰথমে সোধা প্ৰশ্নটোৰ উত্তৰটো সহজ হ’ব পাৰে, যদিহে আপুনি ইচ্ছা কৰে।

শান্ত মনেৰে তলৰ কথাকেইটা চিন্তা কৰিবলৈ চেষ্টা কৰক-

১) আাপুনি সদায় যিটো কাম কৰে তাৰ কিবা কাৰোবাৰ ওপৰত পজিটিভ প্ৰভাৱ পৰে নে?

২) আপোনাৰ কৰা কামবোৰ লগ হৈ কিবা ডাঙৰ এটা হ’বগৈনে?

৩) আপুনি সমাজলৈ বা দেশলৈ বা এই পৃথিৱীলৈ কিবা অৰিহণা আগবঢ়াইছেনে?

৪) ৫ বা ১০ বছৰ পিছত আাপুনি কৰা কামবোৰৰ কিবা মূল্য থাকিবনে?

যদি ওপৰৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ “হয়” বা “য়েছ”, তেন্তে আপুনি ঠিক কামে কৰি আছে। আপোনাৰ সিদ্ধান্ত সঠিক আৰু দৰকাৰী কাম এটাই কৰি আছে।

কিন্তু আপুনি যদি কেৱল টকা-পইচা ঘটিছে আৰু এনে এটা কাম কৰিছে যাৰ কোনো মূল্য নাই, তেন্তে আপুনি পইচা ঘটি জীৱন নিৰ্বাহ কৰিছে আন একো নহয়।

টকা-পইছা বৰ দৰকাৰী বস্তু আৰু এয়া ঘটিবলৈকে আপুনি চাকৰি বা কাম কৰে। টকা-পইছা দৰকাৰী, কিন্তু আপোনাৰ জীৱনটো দৰকাৰী নহয়নে? গুৰুত্বপূৰ্ণ কিবা এটা কৰি আনৰ জীৱনত পজিটিভ প্ৰভাৱ পেলাবলৈ আপুনি গুৰুত্বপূৰ্ণ নহয়নে? ডাঙৰ আৰু গুৰুত্বপূৰ্ণ কিবা এটা কৰিবলৈ আপুনি গুৰুত্বপূৰ্ণ নহয়নে?

আপুনি সুখীনে?

Post Author: বিকাশ কলিতা

বিকাশ এজন মটিভেচনেল স্পীকাৰ, উদ্যোগী (আন্ট্ৰপ্ৰিনৰ), কোচ, কার্যকুশলতা বিশেষজ্ঞ আৰু লিখক, যিয়ে পার্ছনেল ডেভেলপমেন্ট, উদ্যমীতা, কর্মকুশলতা আৰু জীৱনৰ বিভিন্ন বিষয়ে শিকায়৷ তেওঁ মানুহক নিজৰ জীৱন উন্নীত কৰিবলৈ আৰু নিজৰ লক্ষ্যবোৰ লাভ কৰিবলৈ সহায় কৰে৷ বিকাশ সমগ্ৰ উত্তৰ-পূর্বাঞ্চল তথা পূব ভাৰতৰ একমাত্ৰ আৰু প্ৰথম ই-বুক ষ্টোৰ আসামকার্ট (www.assamkart.com) ৰ এজন প্ৰতিষ্ঠাপক৷ আসামকার্টে পৃথিৱীৰ যিকোনো ঠাইৰ পঢ়ুৱৈয়ে অসমীয়া ই-বুক (কিতাপ) মবাইল ফোন আৰু কম্পিউটাৰত পঢ়িব পৰাকৈ যোগান ধৰে৷ বিকাশ Life Skills Training Institute (www.lstionline.com) বা LSTI ৰো এজন প্ৰতিষ্ঠাপক৷ এই অনুষ্ঠানে বিভিন্ন শ্ৰেণীৰ মানুহক মটিভেচনেল আৰু লাইফ স্কিল ট্ৰেইনিং আগবঢ়ায় যাৰ দ্বাৰা যুবক-যুৱতী সকলৰ সমর্থবান কৰাৰ লগতে সকলো মানুহৰে জীৱনৰ উন্নতি সাধনত সহায় হয়৷ বিকাশে অসমৰ বিভিন্ন টিভি চেনেল, যেনে প্ৰতিদিন টাইম আদিত বিভিন্ন সময়ত মটিভেচনেল স্পীকাৰ আৰু লাইফ স্কিল এক্সপার্ট হিচাপে মানুহৰ জীৱন সম্পর্কীয় নানা কথা-বতৰাত ভাগ লৈছে৷ তেওঁ “আমাৰ অসম” কাকতত আৰু মহিলা আলোচনী “নন্দিনী” ত দুটা নিয়মীয়া শিতানো লিখে৷ বিকাশে “বিকাশ কলিতা”(www.bikashkalita.com) নামৰ আন এটা পার্চনেল ডেভেলপমেন্ট ব্লগ লিখে৷

One thought on “আপুনি কৰা কামটো লৈ আপুনি সুখীনে?

Leave a Reply

Your email address will not be published. Required fields are marked *