আজিৰ দিনটো কাৰোবাক সুখী কৰক

আপুনি যেতিয়া আন কাৰোবাক সুখী কৰে, তেতিয়া আপুনিও সুখী হয়। যিমানে আন মানুহক আপুনি সুখী কৰিব, সিমানে আপুনি নিজেও সুখী হ’ব। সেইবাবে যেতিয়া আপুনি নিজে সুখী হ’বলৈ মন কৰে, তেতিয়া আন কোনোবা এজনক আপুনি সুখী কৰি নোতোলে নো কিয়? অন্য কাৰোবাক সুখী কৰিবলৈ আপোনাক বহুত সময়ৰ প্ৰয়োজন নহয়। সৰু সৰু কামৰ দ্বাৰা, কম চেষ্টাতে আন এজনক সুখী কৰিব পৰা যায়। আৰু তাৰ বদলি ই আপোনালৈ লৈ আহিব অফুৰন্ত সুখ আৰু শান্তি।

আনক সুখী কৰিবলৈ চেষ্টা কৰিলে ই কেনেদৰে আপোনাক সুখী হোৱাত সহায় কৰে?

আনক সুখী কৰিলে আপুনিও সুখ পায় কাৰণ আপুনি আনক যি দিয়ে, আপুনিও তাকে ঘূৰাই পায়।

আনক সুখী কৰিব পাৰি কেনেকৈ?

বিভিন্ন উপায় অৱলম্বন কৰি আপুনি আন এজনক সুখী কৰিব পাৰে-

১) আন এজনৰ প্ৰতি আপোনাৰ কৃতজ্ঞতা প্ৰকাশ কৰক

২) আনৰ বিষয়ে ভাল মন্তব্য দিওক

৩) এটা মজাৰ কাহিনী কওঁক

৪) আন কাৰোবালৈ চাই আন্তৰিক হাঁহি এটা মাৰক

৫) আন কাৰোবাক সহায় কৰক।

৬) আন কাৰোবাৰ বাবে কৰবালৈ যাওতে দৰ্জাখন মেলি ধৰক

৭) আপোনাৰ পোহনীয়া জন্তুটোক আন কোনোবা এজনৰ লগ পাবলৈ দিয়ক

আপোনাৰ মাত্ৰ কেইটামান শব্দই আন কাৰোবাৰ দিনটো ভাল আৰু উজ্বল কৰি তুলিব পাৰে।

Post Author: বিকাশ কলিতা

মটিভেচনেল স্পীকাৰ, লাইফ স্কিল প্ৰশিক্ষক, চার্টিফাইড কোচ আৰু উদ্যোগী (আন্ট্ৰিপ্ৰিনিওৰ) , যিয়ে পার্ছনেল ডেভেলপমেন্ট, উদ্যমীতা, কর্মকুশলতা আৰু জীৱনৰ বিভিন্ন বিষয়ে শিকায়৷ তেওঁ মানুহক নিজৰ জীৱন উন্নীত কৰিবলৈ আৰু নিজৰ লক্ষ্যবোৰ লাভ কৰিবলৈ সহায় কৰে৷ বিকাশ International Coach Federation (ICF), USA ৰ দ্বাৰা চার্টিফাইড এজন চার্টিফাইড কোচ, Associate Certified Coach (ACC). বিকাশ সমগ্ৰ উত্তৰ-পূর্বাঞ্চল তথা পূব ভাৰতৰ একমাত্ৰ আৰু প্ৰথম ই-বুক ষ্টোৰ আসামকার্ট (www.assamkart.com) ৰ এজন প্ৰতিষ্ঠাপক৷ আসামকার্টে পৃথিৱীৰ যিকোনো ঠাইৰ পঢ়ুৱৈয়ে অসমীয়া ই-বুক (কিতাপ) মবাইল ফোন আৰু কম্পিউটাৰত পঢ়িব পৰাকৈ যোগান ধৰে৷ বিকাশ Life Skills Training Institute (www.lstionline.com) বা LSTI ৰো এজন প্ৰতিষ্ঠাপক৷ এই অনুষ্ঠানে বিভিন্ন শ্ৰেণীৰ মানুহক মটিভেচনেল আৰু লাইফ স্কিল ট্ৰেইনিং আগবঢ়ায় যাৰ দ্বাৰা যুবক-যুৱতী সকলৰ সমর্থবান কৰাৰ লগতে সকলো মানুহৰে জীৱনৰ উন্নতি সাধনত সহায় হয়৷ বিকাশে অসমৰ বিভিন্ন টিভি চেনেল, যেনে প্ৰতিদিন টাইম আদিত বিভিন্ন সময়ত মটিভেচনেল স্পীকাৰ আৰু লাইফ স্কিল এক্সপার্ট হিচাপে মানুহৰ জীৱন সম্পর্কীয় নানা কথা-বতৰাত ভাগ লৈছে৷ তেওঁ “আমাৰ অসম” কাকতত আৰু মহিলা আলোচনী “নন্দিনী” ত দুটা নিয়মীয়া শিতানো লিখে৷ বিকাশে “বিকাশ কলিতা”(www.bikashkalita.com) নামৰ আন এটা পার্চনেল ডেভেলপমেন্ট ব্লগ লিখে৷

3 thoughts on “আজিৰ দিনটো কাৰোবাক সুখী কৰক

Leave a Reply

Your email address will not be published. Required fields are marked *